অসম ৰাজ্যিক পথ বোৰ্ড (এ.এছ.আৰ.বি) ক ২০০৩ বৰ্ষত চচায়টি পঞ্জিয়ন অধিনিয়ম, ১৮৬০ অধীনত সংস্থাপন কৰা হয় যাক অসম চৰকাৰৰ কেবিনেটৰ মাধ্যেমেৰে অনুমোডন দিয়া হয় আৰু নিৰ্ধাৰিত লক্ষ্যসমূহ কাৰ্যক্ষম কৰিবলৈ বৰ্তমান সক্ৰীয় নহয় যাৰ বাবে ইয়াক গঠন কৰা হৈঠিল । বর্তমানে ৰাজহুৱা পথ নিৰ্মাণ বিভাগে (PWRD) ৰাজ্যিক সংস্থা হিচাপে ৰাজ্যত প্রধান গ্রামীণ পথ পৰিকল্পনা (PMGSY) কার্যকৰী কৰাৰ কাজ কৰি আছে আৰু অসম পথ ৰক্ষণাবেক্ষণ পুঁজি (ARMF) পৰিচালনা, অন্যান্য বিভাগ / সংস্থাৰ দ্বাৰা পৰিচালিত কৰাৰ বাবে পুঁজি সংগ্রহ ও বিতৰণ কৰা হৈছে ।
ASRB হ'ল এটি স্বায়ত্তশাসিত সংস্থা যি অসম চৰকাৰৰ দ্বাৰা মনোনীত সদস্যৰে গঠিত হয় । সাধাৰণ পৰিষদ ১৬ জন সদস্যৰে গঠিত যত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সভাপতি হিচাপে থাকে আৰু PWD ৰ মন্ত্ৰীজন উপ সভাপতি হিচাপে থাকে । অসম চৰকাৰৰ অধ্যক্ষ আৰু PWRD ৰ বিশেষ সচিবজন পৰিষদৰ পদাধিকাৰী হিচাপে থাকে। পৰিষদৰ কাৰ্যকৰী কমিতিৰ (ই চি ) ত ৯ জন সদস্য থাকে যত পৰিষদৰ সদস্য সচিবজনক প্ৰাক্তন অধ্যক্ষ আৰু অসম চৰকাৰৰ PWRD সচিবক প্ৰাক্তন সচিব হিচাপে থাকিব । গুৰুত্বপূর্ণ পুঁজিৰ একাউন্টিং পৰিচালনা আৰু একাউন্টচ কোষ পুঁজিৰ নিয়মীয়া খতিয়ান দিবৰ বাবে ASRB নিজস্ব খৰচত গঠন কৰা হয় । এই কোষে পি.এম.জি.এছ.ৱাই কাৰ্যসূচী পুঁজি, প্রশাসনিক পুঁজি, ৰক্ষণাবেক্ষণ পুঁজি, ASRB ৰক্ষণাবেক্ষণ পুঁজি আৰু পথ ৰক্ষণাবেক্ষণ পুঁজি (RMF) ৰ একাউন্টিং পৰিচালনা কৰে। এই কোষে মূখ্য একাউন্টচ বিষয়া (চি এ অ) দ্বাৰা পৰিচালিত হয়, যিয়ে PMGSY ৰ বাবে এমপাৱাৰ্ড বিষয়াক খতিয়ান দিয়ে যেনে মূখ্য অভিযন্ত্ৰা, PWD (পথ)। CAO ক দুই সহকাৰী কাৰ্যবাহীয়ে (AEEs),চাৰিজন চার্টার্ড একাউন্টেন্টচে (চি এ), দুজন ডেপুটি একাউন্টচ বিষয়া আৰু দুজন সহকাৰী একাউন্টচ বিষয়াই সহায় কৰে।
অসম ৰাজ্য পথ পৰিষদৰ মাধ্যমেৰে গ্রামাঞ্চলত পথ সংযোগৰ বাবে প্রধানমন্ত্রী গ্ৰাম্য পথ যোজনা বাস্তবায়িত হয় । অসম পথ ৰক্ষণাবেক্ষণ পুঁজি (ARMF) অসম ৰাজ্যিক পথ বোর্ডৰ মাধ্যমেৰে প্রয়োগ কৰা হয় । অন্যান্য উল্লেখযোগ্য প্রকল্পৰ ভিতৰত বিশ্ব বেংকৰ সহায়তাকৃত অসম ৰাজ্যিক পথ প্রকল্প অন্তর্ভুক্ত । তলৰ তালিকাত ASRB একাউন্টৰ অধীনত পৰিচালিত কাৰ্যাৱলী দেখা গৈছে:
একাউন্ট | কাৰ্য্যবিধি |
---|---|
PMGSY আঁচনি পূঁজি | PMGSY কামৰ বাবে ঠিকাদাৰক টকা দিয়া |
PMGSY প্ৰশাসনিক পূঁজি | ASRB য়ে প্ৰশাসনিক খা-খৰছ, PMGSY কাম-কাজৰ বাবে আৰু PMGSY কাম-কাজৰ গুণাগুণ ব্যৱস্থাপনাৰ বাবে বাবে টকা দিয়া |
PMGSY চোৱা-চিতা পূঁজি | নিয়মমাফিক আৰু সাময়িক চোৱা-চিতা তথা PMGSY ৰ অধীনত সজা ৰাষ্টাৰ বিশেষ মেৰামতিৰ বাবে ঠিকাদাৰক টকা দিয়া |
ASRB চোৱা-চিতা পূঁজি | ASRBৰ প্ৰশাসনিক কাম-কাজৰ বাবে টকা দিয়া। |
মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মান আঁচনি পূঁজি (MPNA) | PMGSY আৰু অন্য আঁচনিত অন্তৰ্ভুক্ত নোহোৱা গ্ৰাম্য পথসমূহৰ নিৰ্মাণৰ বাবে ঠিকাদাৰক টকা দিয়া |
অসম PWD কম্পিউটাৰাইজেছন প্ৰকল্প (APCP) পূঁজি | APCP আৰু অন্য সম্পৰ্কীয় খা-খৰছৰ বিষয়ত পৰামৰ্শদায়ী সেৱাৰ বাবে পৰামৰ্শদাতাৰ মাননি দিয়া |
অসম ৰাজ্যিক পথ প্ৰকল্প (ASRP) পূঁজি | ASRP কামৰ বাবে , মাটি অধিগ্ৰহণৰ খৰছ, পুণৰ্সংস্থাপনৰ আৰু পুণৰ্জীৱনৰ যাৱতীয় খৰছৰ বাবে ঠিকাদাৰক টকা দিয়া |
নেশ্বনেল গেমছ পূঁজি | নেশ্বনেল গেমছৰ প্ৰস্তুতিৰ অংশ হিচাপে পথ উন্নয়নৰ কাম, সীমাৰ বেৰ সজা আদি কৰা হৈছিল , কিন্তু বৰ্তমানে এই একাউন্টটো বন্ধ ৰখা হৈছে । |
চোৱা-চিতা পূঁজি (বিল্ডিং) | PWRD ভৱনসমূহ চোৱা-চিতাৰ বাবে ঠিকাদাৰক টকা দিয়া |
পথ চোৱা-চিতাৰ ক্ষেত্ৰত NHAI | PWRDৰ অধীনত থকা পথসমূহৰ চোৱা-চিতাৰ বাবে ঠিকাদাৰক টকা দিয়া |
ASRB OIL জমা পূঁজি | PWRDৰ অধীনত থকা পথসমূহ নিৰ্মাণ তথা চোৱা-চিতাৰ বাবে অইলে দিয়া পূজিৰ একাউন্ট |
Inland Waterways Authority of India (IWAI)ৰ জমা কাম | পথৰ নিৰ্মাণ তথা চোৱা-চিতাৰ বাবে ঠিকাদাৰক টকা দিয়া |
(ULBs) পূঁজি | পথৰ নিৰ্মাণ তথা চোৱা-চিতাৰ বাবে ঠিকাদাৰক টকা দিয়া |
ASRB ৰ বাৰ্ষিক আয়-ব্যয়ৰ হিচাপ (২০০৩-০৪ ৰপৰা ২০১৫-১৬ লৈকে) তলৰ তালিকাত দিয়া হ'ল
বৰ্ষ | প্ৰাপ্ত পূঁজি (কোটি টকাত) | খৰছ(কোটি টকাত) |
২০০৩-০৪ | ১৭১.১০ | ১৬.৬৪ |
২০০৪-০৫ | ২১১.২২ | ১০০.১৪ |
২০০৫-০৬ | ৫৬০.৩৬ | ৫৯৭.৩৪ |
২০০৬-০৭ | ৫০১.৫৭ | ৫৬৯.৯৮ |
২০০৭-০৮ | ৬৪৭.৮০ | ৬৩৮.৬৩ |
২০০৮-০৯ | ১০৬৩.১৩ | ১০৯২.১১ |
২০০৯-১০ | ১৩৪৮.৫৩ | ১২৫৩.৯৭ |
২০১০-১১ | ২০০৮.৫৫ | ১৪৩৮.৪৭ |
২০১১-১২ | ১৭৫৫.২৭ | ১২১৫.৬৭ |
২০১২-১৩ | ২৮৫.৩৯ | ৬৭৮.২৪ |
২০১৩-১৪ | ৭০১.২০ | ৯২৮.৯৭ |
২০১৪-১৫ | ৩৫৬.১৪ | ৭২৮.১৬ |
২০১৫-১৬ | ৫৮৬.২৮ | ৬৬২.২৭ |
মুঠ | ১০১৯৬.৫৪ | ৯৯২০.৫৯ |